আজিও আহিছিল অৰণ্যখন

আজিও আহিছিল অৰণ্যখন

সত্যজিৎ গগৈ

(পাৰিপাৰ্শ্বিক কবিতা-সংকলন)

২০২৪, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ১৫০ টকা, ISBN 978-81-975772-2-2

An excerpt from the book.

সত্যজিৎ গগৈ এগৰাকী কবি আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰথমখন কবিতা-সংকলন অগ্নিপ্ৰভা গৈ আছে ২০১৫ চনত প্ৰকাশ পাইছিল। শেহতীয়াকৈ তেওঁ এগৰাকী পাৰিপাৰ্শ্বিক কবি হিচাপে নিজকে সাহিত্য-জগতত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কবিতা ইংৰাজীলৈ অনুবাদ হোৱাৰ লগতে মিউজ ইণ্ডিয়া, গৰীয়সী, প্ৰান্তিক আদি আলোচনীত প্ৰকাশ পাইছে। ২০২৩ চনত তেওঁৰ কবিতাৰ আনন্দ বৰমুদৈয়ে কৰা ইংৰাজী অনুবাদ এন এবাণ্ডণ্ড হৰ্ছকাৰ্ট নামেৰে প্ৰকাশ পায়।

“সত্যজিৎ গগৈৰ কবিতাৰ কলা-কৌশলৰ কথা ক’বলৈ হ’লে যোৱা শতিকাৰ দ্বিতীয় দশকত গঢ় লৈ উঠা ইংগ-মাৰ্কিন চিত্ৰকল্পবাদী কাব্য আন্দোলনৰ কথা সুঁৱৰিব লাগিব। নাতিদীৰ্ঘ কবিতাসমূহে পাঠকৰ সমুখত এলানি চিত্ৰকল্প দাঙি ধৰে। এই চিত্ৰকল্পসমূহ কেতিয়াবা একোটা ইংগিত ব্যঞ্জনাময় কাহিনী আৰু আন কেতিয়াবা পাঠক-মনক প্ৰাত্যহিক তুচ্চতাৰপৰা আঁতৰাই মহাজীৱনৰ ফালে লৈ যাব পৰা আনুভূতিক আৰু বৌদ্ধিক প্ৰকল্প।”

আনন্দ বৰমুদৈ, সমালোচক

“কবিয়ে তেওঁৰ পাৰিপাৰ্শ্বিক কবিতাৰ চিন্তনক কাব্যাত্মক কৰি তুলিবলৈ বিভিন্ন শৈলী, বক্ৰতাৰ ভংগী, চিত্ৰকল্প আদিৰ সহজবোধ্য বাৱহাৰেৰে মানুহৰ বিবেকহীনতাৰ প্ৰতিচ্ছবি তুলি ধৰিছে।

গছক ক’লোঁ– অহা জনমত গছ হ’ম/ পক্ষীক ক’লো– অহা জমনত পক্ষী হ’ম/ নদীক ক’লোঁ– অহা জনমত নদী হ’ম… কবিয়ে যেতিয়া এনেদৰে লিখে সেয়া একান্ত আপোনজনৰ ওচৰত চূড়ান্তভাৱে বিচ্ছিন্ন হৈ পৰাৰেই মৰ্মবাণী হৈ পৰে। হৈ পৰে মানুহ আৰু প্ৰকৃতিৰ গভীৰ বিবশতা-অসহায়তাৰ উচ্চাৰণ। প্ৰকৃতিৰ সংকট আৰু মানুহৰ অকল্পনীয় নিৰ্দয়তাৰ বিপৰীতে সত্যজিৎ গগৈৰ এনে সৎ কবিতা-ভাবনাই আমাক মুগ্ধ কৰে।

সত্যজিৎ গগৈৰ এই ব্যতিক্ৰমী কাব্য-চিন্তাই অসমীয়া কবিতাত এক বিশিষ্ট মাত্ৰা প্ৰদান কৰিব বুলি মই আশাবাদী।”

নীলিম কুমাৰ, কবি, ঔপন্যাসিক

“গতানুগতিক প্ৰকাশভংগী, তৰল চয়ন, পোনপটীয়া বাণী-নিক্ষেপণ এৰাই চলা কবিতা অৰ্থঘন হৈ পাঠক-প্ৰয়াসী হ’ব পাৰে আৰু কবি সতজিৎ গগৈয়ে তেনে এক পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেই তেওঁৰ কবিতাখিনি সজাই-পৰাই উলিয়াইছে।”

চেনীৰাম গগৈ
‘পাৰিপার্শ্বিক বিষয়ক কবিতা : সত্যজিৎ গগৈৰ আজিও আহিছিল অৰণ্যখন‘, Poetry without Fear, Vol. III, No. 4 : Feb-April, 2025

“সত্যজিৎ গগৈৰ এইখন দ্বিতীয় সংকলন। প্ৰথম সংকলনৰ কবিতাবোৰত তেওঁৰ প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ প্ৰতি সঁহাৰি আছিল উচ্ছ্বাসভৰা। সাম্প্ৰতিক সংকলনত সেই উচ্ছ্বাস সজাগতালৈ সলনি হৈছে। এগৰাকী পৰিৱেশ সুৰক্ষা কৰ্মীৰ দৰেই তেওঁ নিজৰ চৌপাশৰ জগতখনক চায় আৰু চকুত পৰা বিসংগতিবোৰৰ বিষয়ে পাঠকক সচেতন কৰিব বিচাৰে।”

প্ৰকল্প ৰঞ্জন ভাগৱতী
‘সাম্প্ৰতিক অসমীয়া কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২০২৫