

ফানোৱাৰা বেগমৰ নিৰ্বাচিত কবিতা
সম্পাদক: শ্বৰীফা খাতুন চৌধুৰী
২੦২৫, পি.ডব্লিউ.এফ, পকাবন্ধা, দাম: ₹১৫੦ টকা
ISBN 978-81-984521-2-2
কবি পৰিচয়

ফানোৱাৰা বেগমৰ জন্ম নাজিৰাত ১৯২৮ চনত৷ তেওঁৰ পিতৃ আছিল ইউনিছ আলি আৰু মাতৃ আছিল নুৰুন নিছা৷ স্বামী আছিল অসমীয়া বোলছবি আৰু মঞ্চজগতৰ অভিনেতা আব্দুল হক চৌধুৰী৷ তেওঁৰ কবিতা প্ৰকাশ পাইছিল ঘাইকৈ অসমবাণী, মহিলা আলোচনা ওৰণি, উৰুলি আদিত৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰতো তেওঁ সঘনাই কবিতা পাঠ কৰিছিল৷ মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰা ৰূপাই চাইডিং মহিলা সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ ১৯৯৬ চনৰ ১৫ জুলাইত তেওঁৰ মৃত্যু ঘটে৷
কিতাপখনৰ বিষয়ে
“এই সংকলনত থূপ খুওৱা কবিতাকেইটাৰ লিখিকা ফানোৱাৰা বেগম অসমীয়া কাব্য সাহিত্যত নতুন হ’লেও অপৰিচিতা নহয়৷ তেওঁৰ ভালে কেইটামান কবিতা অসমৰ বিভিন্ন জনপ্ৰিয় কাকত, আলোচনী আদিত ইতিমধ্যে প্ৰকাশ হৈ গৈছে৷ ইয়াত সন্নিৱিষ্ট কবিতাবোৰৰ আড়ম্বৰ বা কাব্যিকতাতকৈ তাৰ পোনপটীয়া বক্তব্যখিনিহে অধিক মনোযোগৰ যোগ্য আৰু ভাব আদৰ্শৰ ফালৰপৰা তাৰ মাজেদি প্ৰকাশ পোৱা লিখিকাৰ সৰল অনুভূতিখিনি প্ৰশংসনীয়৷ স্বদেশ আৰু স্বজাতিৰ প্ৰতি কবিৰ গভীৰ অনুৰক্তি আছে, মানৱ সমাজৰ মাজত থকা অসাম্য, অন্যায় আদিৰ বিৰুদ্ধে কবিৰ ক্ষোভ আৰু অভিযোগ আছে৷ অসমৰ গছ-বন প্ৰকৃতিৰ প্ৰতি কবিৰ এক স্বভাৱজাত অনুৰক্তি আছে৷ কবিতাবোৰৰ মাজেদি এখন নাৰী হূদয়ৰ স্বাভাৱিক কোমলতা প্ৰকাশ পাইছে৷ কবিতাবোৰত গাৰ বলেৰে জাপি দিব খোজা কোনো কৃত্ৰিম আদৰ্শবাদ নাই, আৰু বৰ্তমানৰ কিছুমান কবিতাত থকাৰ দৰে ভাব বা ভাষা সংকোচনৰ অনুশীলন দেখা পোৱা নাযায়৷”
চৈয়দ আব্দুল মালিক
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
২১-৩-৬৬
“ৰচয়িতা শ্ৰীমতী ফানোৱাৰা বেগম৷ এইগৰাকী মহিলাৰ সাহিত্য সেৱাৰ প্ৰতি ধাউতি দেখি বৰ আনন্দ লভি আহিছোঁ৷ তেওঁৰ সাহিত্য সেৱাৰ ধাউতি স্বাভাৱিক বুলিব লাগিব৷ তেওঁৰ ডেৰকুৰি কবিতা সন্নিৱিষ্ট এই কবিতাপুথি তেওঁৰ বহুধামুখী কল্পনাপ্ৰসূত কাব্য ৰচনা৷ তাত তেওঁৰ জীৱন-দৰ্শনৰ নানা অনুভূতি বিকশিত হৈ উঠিছে৷ তেওঁৰ এই কাব্য কাননত নানা তৰহৰ ফুল ফুলি সৌন্দৰ্য আৰু সুগন্ধ প্ৰদান কৰিছে৷ তেওঁৰ প্ৰথম উদ্যমত যিকেইটি ফুলৰ থোপাকলি ফুটি উঠিছে, সময়ত সেয়ে সম্পূৰ্ণ প্ৰস্ফুটিত ফুলৰ থোপা হৈ, অনেক দূৰলৈকে তাৰ সুগন্ধি নিয়াব বুলি মোৰ বিশ্বাস৷”
নীলমণি ফুকন
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
১৭-੦২-১৯৬৬
