

তোমাৰ সৈতে মোৰ
খগেন শইকীয়া
(কবিতা-সংকলন)
২০২৬, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ১৫০ টকা,
ISBN 978-81-984521-0-8
An excerpt from the book.
কবি-পৰিচয়

খগেন শইকীয়া এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ আৰু লেখক। নগাঁও জিলাৰ জাগীয়াল মৌজাৰ উত্তৰ পেটবঢ়া গাঁৱত জন্ম লাভ কৰা শইকীয়াই ভাৰত সঞ্চাৰ নিগম লিমিটেডৰপৰা মুখ্য গাণনিক বিষয়া হিচাপে ২০১৬ চনৰ ফেব্রুৱাৰীত অৱসৰ গ্রহণ কৰে। তেওঁৰ বর্তমানলৈ আঠখন উপন্যাস, এখন গল্প-সংকলন আৰু আঠখন কবিতা-সংকলন প্রকাশ পাইছে।
কিতাপখনৰ বিষয়ে
“গীতিধর্মী কবিতাৰ এক বিশিষ্টতা আনুভূতিক তীব্রতা। কবি, ঔপন্যাসিক খগেন শইকীয়াৰ কবিতাত জীৱন যাত্ৰাৰ বাধা-বিঘিনি আৰু দুখ-যন্ত্রণাক তীব্রতাৰে অনুভৱ কৰি দাৰ্শনিকৰ চিন্তাৰে গ্ৰহণ কৰা হৈছে। সময় আৰু পৰিৱৰ্তনক অপ্ৰতিৰোধ্য বুলি স্বীকাৰ কৰিও কালৰ পৰিৱৰ্তনৰ প্ৰতিও কবিয়ে একধৰণৰ ষ্টইক প্রতিৰোধ গঢ়াৰ পক্ষপাতী। পৰিৱর্তন আৰু প্ৰতিৰোধৰ ছবি সময়ত একোখন চিত্রকল্পই ইন্দ্রিয়গ্রাহ্য কৰিছে।”
আনন্দ বৰমুদৈ, সমালোচক
“শইকীয়াৰ কবিতাত প্রকৃতি উপেক্ষিত নহয়; কিন্তু মানুহ অধ্যয়নে গুৰুত্ব লভিছে। মুখাৰ আঁৰলৰ মুখ উন্মোচন, পাৰস্পৰিক সম্পৰ্কৰ কৃত্রিমতাৰ ফলত উদ্ভূত বিষাদগ্রস্ততাৰ ভৰ থাকিলেও নৈৰাশ্যক কাষৰীয়া কৰি মানৱীয় দৃষ্টিকোণেৰে মানুহৰ সম্পর্ক মূল্যায়ন কৰাত কবি আগ্রহী। সভ্যতাৰ বিকাশৰ গতিপথত মানুহে সৃষ্টিতকৈ ধ্বংস কৰিছে বেছি, অমৃততকৈ বেছি পান কৰিছে গৰল। সেয়ে মানুহৰ প্রতি থকা ঐকান্তিক শুভবোধৰ বাবেই কবিয়ে বিচাৰিছে– “অমৃত পিয়াসী এক চিৰায়ত সূত্র’। সমাজ, ৰাজনীতি, অর্থনীতিৰ প্ৰেক্ষাপটত আজিৰ বিপন্ন পৃথিৱীত এয়া যেন আর্ত মানুহৰ সৰ্বাত্মক হাবিয়াহ।
ৰাজীৱ বৰা, কবি, সমালোচক
