গছ আৰু অন্য কবিতা

গছ আৰু অন্য কবিতা

অনিৰ্বাণ দত্ত

(পাৰিপাৰ্শ্বিক কবিতা-সংকলন)

২০২৩, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ১৫০ টকা, ISBN 978-81-975772-4-6

An excerpt from the book.

অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ। তেওঁৰ সমাজ, সংস্কৃতি আৰু ৰাজনীতি বিষয়ক প্ৰবন্ধ অসমৰ প্ৰায়বোৰ আগশাৰীৰ কাকত-আলোচনীত প্ৰকাশিত হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাতত্ত্ব বিষয়ৰ স্নাকোত্তৰ শিক্ষক দত্তৰ জন্ম হৈছিল ১৯৭৯ চনত লালুক মৌজাৰ ১নং ঢেঁকীয়াজুলি গাঁৱত। শেহতীয়াকৈ তেওঁ পাৰিপাৰ্শ্বিক কবিতা লিখি পাঠক-সমালোচক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

“অনিৰ্বাণ দত্তই সমাজৰ প্ৰতি দায়ৱদ্ধ হৈ কবিতা লিখি আহিছে। তেওঁৰ শেহতীয়া কবিতাত আমাৰ পাৰিপাৰ্শ্বিকতালৈ অহা ভাবুকিৰ প্ৰতি সজাগতা প্ৰকাশ পাইছে। তেওঁৰ কবিতাই পাৰিপাৰ্শ্বিক সমস্যাক বৌদ্ধিক স্বীকৃতি দিয়াকে লক্ষ্য কৰি লোৱা নাই, সিবিলাকক অনুভৱ কৰিবলৈও পাঠকক আহ্বান জনায়। মানুহৰ চিন্তাক তেওঁ অভ্যাস পৰম্পৰাৰপৰা মুক্ত কৰিবলৈ বিচাৰে। আমাৰ সকলোৰে পৰিচিত গছ এজোপা কটাৰ দৃশ্যটোকো তেওঁ মানুহৰ অমানুষিক অত্যাচাৰৰ ছবি এখনলৈ ৰূপান্তৰ কৰিব পাৰে। ধাৰণা এটাক কেৱল আপ্যায়ন নকৰি কবিজনে অনুভৱো কৰে।”

আনন্দ বৰমুদৈ, সমালোচক

“তৰুণ কবি অনিৰ্বাণ দত্তই ধ্বংসপ্ৰায় প্ৰকৃতি আৰু পৰিৱেশক বিষয় কৰি লৈ কেইটামান ভাল কবিতা লিখিছে; উ্দ্বিগ্নতা, সমবেদনা, প্ৰতিবাদৰ পাঠেৰে তেওঁ আমাক বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰাইছে। শব্দৰ মিতব্যয়, সহজ কথনৰ সম্পৰীক্ষাৰে সফল কবিতাকেইটাই কবিজনক নতুনকৈ আৱিষ্কাৰ কৰাৰ বাট উলিয়াই দিছে।”

চেনীৰাম গগৈ, কবি

“অসমত এতিয়া যি ভিকাচন ভঙা ‘ভিকাচ’ হৈছে, তাৰ কৃপাত লেখকে আগকথাত উল্লেখ কৰাৰ দৰে তিনি লাখ হেক্টৰৰ অৰণ্য ধ্বংস হৈছে। এই আসুৰিক হিংসাত্মক অভিযানে আচলতে মানুহৰ প্ৰাণৰ ওপৰতে প্ৰচণ্ড আঘাত কৰিছে। তাৰ বিষাদ-বিননিৰ বিভিন্ন দিশ কবি দত্তৰ কবিতাত সুস্পষ্ট হৈছে। উকা বিৱৰণত ধৰা নপৰা বৰ্বৰতা আৰু হিংস্ৰতাই কবিতাবোৰৰ সৰল কিন্তু সৰৱ ভাষাত মূৰ্তিমান ৰূপ লৈছে। কবিয়ে ‘পাৰিপাৰ্শ্বিক কবিতা’ নাম দিয়া কবিতাবোৰ প্ৰকৃততে মানৱতাৰে সংকটৰ একোটা তিৰ্যক প্ৰকাশ।”

হীৰেন গোহাঁই
‘লেছেৰি বোটলা’, আমাৰ অসম, পৃষ্ঠা ৪, ২১ ফেব্ৰুৱাৰী, ২০২৫

“কবি অনিৰ্বাণ দত্তয়ো নিজকে এগৰাকী পাৰিপাৰ্শ্বিক কবি হিচাপে গঢ়ি তুলিছে। তেওঁৰ শেহতীয়া গ্ৰন্থ গছ আৰু অন্য কবিতা পাৰিপাৰ্শ্বিক কবিতাৰ এটি সংকলন। সংকলনটিৰ কবিতাবোৰত পাৰিপাৰ্শ্বিক চেতনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে।”

প্ৰকল্প ৰঞ্জন ভাগৱতী
‘সাম্প্ৰতিক অসমীয়া কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২০২৫

“কবি দত্তই সৰল, পোনপটীয়া, গদ্যধৰ্মী ভাষাত এই সংকলনখনৰ কবিতাবোৰ ৰচনা কৰিছে৷ সততে উঠি থকা অসমীয়া কবিতাৰ দুৰ্বোধ্যতাৰ প্ৰসংগটোৰ পৰা হয়তো কবিয়ে সচেতনভাৱেই বহু দূৰৈত অৱস্থান কৰিছে৷”

কল্যাণ ভূঞা
‘কবিতাত পাৰিপাৰ্শ্বিক চেতনা : অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা’, Poetry without Fear, Vol. III, No. 4 : Feb-April, 2025