

জলশংখ
প্ৰণৱী গগৈ
(কবিতা-সংকলন)
২০২৪, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ১৫০ টকা, ISBN 978-81-975772-6-0
কবি-পৰিচয়

প্ৰণৱী গগৈ এগৰাকী কবি আৰু লেখক। কবিৰ প্ৰথমখন কাব্য-সংকলন সোণ-বৰিয়াল সপোন ২০১৭ চনত প্ৰকাশ পাইছিল। জলশংখ তেওঁৰ দ্বিতীয়খন সংকলন। ২০২৪ চনত তেওঁৰ কবিতাৰ আনন্দ বৰমুদৈেয়ে কৰা ইংৰাজী অনুবাদৰ সংকলন দ্য এনচিয়েণ্ট বাৰ্ক প্ৰকাশ পায়। প্ৰণৱীৰ কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে।
কিতাপখনৰ বিষয়ে
“কবিসকলে কবিতাত ঘটনা, পৰিৱেশ, পৰিস্থিতি আদিক দাঙি ধৰে। কবি প্ৰণৱীয়ে তেওঁৰ কবিতাত সেই কাম কৰিছে, কিন্তু তাকে কৰোতে কোনো ব্যক্তিমনৰ আৱেগ-অনুভূতিৰ অৱস্থাক প্ৰকাশ কৰিবলৈ শাব্দিক বিকল্পৰ সন্ধান কৰোতে বিশেষ পৰিৱেশ-পৰিস্থিতিত সংস্কৃতিত বান্ধ খাই থকা শব্দক অচি সাৱধানে নিৰ্বাচন কৰে। কবিগৰাকীৰ কবিতাৰ পৃষ্ঠভূমি গ্ৰামীণ অসম আৰু প্ৰতীক, চিত্ৰকল্প আদিৰ মূল উৎস প্ৰকৃতি, কিন্তু মানৱীয় যিবোৰ সমস্যাক কাব্যিক অভিজ্ঞতাই কেন্দ্ৰ কৰিছে সিবিলাকৰ কেতবোৰ আধুনিকেই নহয়, উত্তৰ আধুনিকো।”
আনন্দ বৰমুদৈ, সমালোচক