

শিলৰ মুখৰ হাঁহি
বীৰেন গগৈ
২০২৫, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ₹ ২০০ টকা
ISBN 978-81-984521-6-0
কবি পৰিচয়

বীৰেন গগৈ এগৰাকী কবি আৰু প্ৰাক্তন বেংক বিষয়া। ১৯৫৭ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত জন্ম লাভ কৰা গগৈৰ প্ৰকাশিত কবিতা-সংকলনকেইখন হ’ল– মাটি আৰু মানুহৰ প্ৰেমত (মে’, ১৯৮৪); মানুহৰ মহাকাব্য় (ডিচেম্বৰ, ১৯৮৭); কেতেকী মলেমলায় (মাৰ্চ, ১৯৯৭); বালি বিৰিণাৰ বেটুপাত (এপ্ৰিল, ২০০২); অৰণ্যবোৰ উচুপি উঠিছে (ডিচেম্বৰ, ২০০৪) আৰু সৰিয়হ হালধীয়া সাগৰ (নৱেম্বৰ, ২০২১)। দ্ৰোৰপাং দিহিৰি (নৱেম্বৰ, ২০২১) তেওঁৰ একমাত্ৰ প্ৰবন্ধ-সংকলন। ২০২৫ চনত তেওঁক মৰাণহাটৰ কবিতাৰ অ-আ ক-খ নামৰ অনুষ্ঠানটিয়ে প্ৰয়াত গুণকান্ত কোঁৱৰ আৰু কনকলতা কোঁৱৰ সোঁৱৰণী ‘কাব্য সাধনা বঁটা ২০২৫’ প্ৰদান কৰে।
কিতাপখনৰ বিষয়ে
“যোৱা তিনিটা দশক ধৰি কবিতা লিখি অসমীয়া সাহিত্যক সমৃদ্ধ কৰা এগৰাকী জ্যেষ্ঠ কবি বীৰেন গগৈ। কবিগৰাকীয়ে নিজক অতিক্ৰম কৰি কবিতা লিখি আহিছে আৰু স্বকীয় বিশিষ্টতাৰে নিজৰ প্ৰকাশভংগী সৃষ্টি কৰিছে। আৰম্ভণি কালৰে পৰা প্ৰকৃতি গগৈৰ কবিতাত কেন্দ্ৰীয় বিষয়। প্ৰকৃতি জগতৰ নিজা ৰং-ৰূপেৰে তেওঁ অঁকা ছবিবোৰৰ মাজেৰে কবি-মনৰ বিভিন্ন আনুভূতিক অৱস্থাৰ লগতে কবিয়ে জীৱন আৰু জগতক লৈ কৰা চিন্তা প্ৰকাশ পায়। প্ৰকৃতি জগতৰ বিচিত্ৰ প্ৰপঞ্চৰ লগত কবি-মনৰ আন্তঃক্ৰিয়াৰ মাজেৰে কবি-ব্যক্তিত্বৰ বিকাশ আৰু বৃদ্ধি হৈ আছে। বীৰেন গগৈৰ কবিতাত প্ৰকৃতি বিভিন্ন দিশৰপৰা উদযাপিত আৰু অৰ্থ-ব্যঞ্জনাৰে উদ্ভাসিত। পাঠকৰ লগত যোগাযোগত কবি আগ্ৰহী আৰু তেওঁৰ কবিতা সদায় সতেজ আৰু আনন্দদায়ক।”
ড০ আনন্দ বৰমুদৈ
সমালোচক
“জীৱনক সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱা, আনকো উপলব্ধিৰ সুবিধা কৰি দিয়া বিশিষ্ট মাধ্যম কবিতা—এই উদ্দেশ্যকেই কবি বীৰেন গগৈৰ কবিতাই প্ৰতিপন্ন কৰে। প্ৰচণ্ড জটিলতাৰ মেৰপেচত আবদ্ধ মানৱ-জীৱন পৰিক্ৰমাক তেওঁ কিন্তু সৰল বোধগম্য কৰি তুলিছে কবিতাৰে। তেওঁৰ মূলধন তেওঁৰ জীৱন অভিজ্ঞতা, তেওঁৰ বাকসংযম, তেওঁৰ ভাষাৰ মিতব্যয়ী প্ৰয়োগ আৰু সহজ-সৰলতা, অসমৰ লোকপৰম্পৰাৰ চিনাকি শব্দ, চিত্ৰকল্পৰে অনুভূতিৰ তীব্ৰতাক উন্মোচিত কৰিব পৰা দক্ষতা। প্ৰাকৃতিক সত্যৰ পৰা যান্ত্ৰিক ব্যৱস্থাই মানুহক ক্ৰমাৎ ট্ৰেজিক দূৰত্বলৈ আনি থকাৰ উপলব্ধি কবিতাবোৰত অনুৰণিত হৈছে। কবিতাবোৰত বিষয়ীৰ অৱস্থিতি অসহায়, কৰুণ। নিজৰ ভেটিৰপৰা বিচ্ছিন্ন হৈয়ো বিষয়ী অসহায়, কথাবোৰ কোৱাৰ একমাত্ৰ মাধ্যম শব্দ নিজেই অসহায়। সেয়ে কেইবাটাও কবিতাত আছে শব্দৰ প্ৰসংগ। এক পাৰিপাৰ্শ্বিক চেতনাও তেওঁৰ কবিতাৰ অন্তৰ্লীণ স্তৰত প্ৰৱাহিত হৈ আছে।”
ড০ সিদ্ধাৰ্থ গোস্বামী
গল্পকাৰ, সমালোচক
সমালোচনা
“বীৰেন গগৈৰ কবিতাৰ ভাষা জনজীৱনৰপৰা লোৱা৷ শব্দপ্ৰেম আৰু বিশেষণপ্ৰীতি ৰোগৰপৰা তেওঁৰ ভাষা মুক্ত৷ পাঠকে তেওঁৰ কবিতাৰ সৈতে সহজেই আত্মীয়তা অনুভৱ কৰিব পাৰে৷”
প্ৰকল্প ৰঞ্জন ভাগৱতী
অসমীয়া খবৰ, ৬ ডিচেম্বৰ, ২੦২৫
“তিনিটা দশক ধৰি কবিতা লিখি অহ এজন জ্যেষ্ঠ অসমীয়া কবি বীৰেন গগৈৰ শেহতীয়া কবিতাৰ সংকলনখনৰ শিৰোনাম শিলৰ মুখৰ হাঁহি (২੦২৫)৷ কবিতা এটাৰ শিৰোনামেৰে সংকলনখনৰো শিৰোনাম৷ এই কবিতাটোৰ এটা আলোচনাৰে কবিজনে কেনেকৈ নিজক অতিক্ৰম কৰি লিখি আহিছে তাৰ ধাৰণা কৰিব পাৰি৷ মুঠ ৫২টা শব্দৰ কবিতাটো পাঁচটা স্তৱকত বিভক্ত৷ কবিতাটোৰ কেন্দ্ৰত শিল এটা প্ৰতীক হৈ আছে আৰু শিলটোৰ মুখত হাঁহি এটা দিয়া হৈছে৷ কবিতাটোৰ অৰ্থোদ্ধাৰ কৰিবলৈ হ’লে শিলৰ মুখত থকা হাঁহিটোৰ অৰ্থোদ্ধাৰ কৰিব লাগিব৷…”
ড০ আনন্দ বৰমুদৈ
দৈনিক অগ্ৰদূত, ২২ ডিচেম্বৰ, ২੦২৫
“বাক্ সংযম আৰু সীমিত শব্দ প্রয়োগে কবিতাসমূহ মোহনীয় কৰি তুলিছে।”
কুঞ্জমোহন ভূঞা
অসম আদিত্য, ১ ফেব্ৰুৱাৰী, ২০২৬
