

স্মৃতিৰ নৈখন
ফৰিদা আহমেদ
২੦২৫, পি.ডব্লিউ.এফ, পকাবন্ধা, দাম: ₹২੦੦ টকা
ISBN 978-81-984521-5-3
কবি পৰিচয়

ড੦ ফৰিদা আহমেদ এগৰাকী কবি, ঔপন্যাসিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ত্ববিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু গৱেষণা নিৰ্দেশক৷ তেওঁৰ ভালেসংখ্যক গৱেষণাপত্ৰ বিভিন্ন গৱেষণাপত্ৰিকাত প্ৰকাশ পোৱাৰ লগতে কেইবাখনো গৱেষণাপত্ৰিকাও তেওঁ সম্পাদনা কৰিছে৷ তেওঁৰ কবিতা, গল্প, উপন্যাস আৰু প্ৰবন্ধ অসমৰ বিভিন্ন কাকত-আলোচনাত প্ৰকাশ পাইছে৷ তেওঁৰ প্ৰকাশিত কবিতা-সংকলন দুখন হ’ল উভতি যাবৰ মন (২੦২৩) আৰু The Heavenly Sky (ইংৰাজী অনুবাদ ড੦ আনন্দ বৰমুদৈ, ২੦২৪)৷
কিতাপখনৰ বিষয়ে
“ফৰিদা আহমেদৰ কবি-মনটো বহু দিন লুকাই আছিল– শিলৰ মাজত লুকাই থকা জলধাৰাৰ দৰে৷ এদিন নিজৰাটো বৈ আহিল আৰু তেওঁৰ আৱেগে প্ৰকাশৰ পথ বিচাৰি পালে৷ কবিতা তেওঁৰ আত্মমুক্তিৰ আহিলা৷ অতীতলৈ ঘূৰি যোৱা এক গোপন পথ আৰু প্ৰকৃতিৰ জগতত বিচৰণৰ নিৰলা ক্ষণ৷ স্মৃতিৰ নৈখনৰ মাজত তেওঁৰ কাব্য-কৌশলৰ উত্তৰণ ঘটিছে৷ কবিতাৰ মাজলৈ বিমূৰ্ত ধাৰণা এটি নামি অহা পৰিলক্ষিত হৈছে৷ সেয়েহে কবিতাই অধিক কাব্যগুণ লাভ কৰা বুলি মোৰ অনুভৱ হৈছে৷”
ড੦ কৰবী ডেকা হাজৰিকা
কবি, সাহিত্যিক
“কবি ড০ ফৰিদা আহমেদৰ কাব্য-ভাবনা ঘাইকৈ স্মৃতি, সত্তা আৰু ভৱিষ্যতৰ মাজলৈ বিস্তৃত হৈ থাকে৷ স্মৃতিৰ নৈখন বৰ্তমানৰ মাজেৰে ভৱিষ্যতলৈ প্ৰৱাহিত হৈ থাকে৷ এই প্ৰৱাহত মানৱীয় সম্পৰ্ক বিভিন্ন ৰূপত প্ৰতিভাত হয়৷ কবিৰ দৃষ্টিত ধৰা পৰা মানৱীয় সম্পৰ্ক কেতিয়াবা সংলাপ, উক্তি অথবা মানুহে মানুহৰ লগত কথা পতাৰ ভাষাৰ মাজেদি প্ৰকাশ পায়৷ কবিয়ে কবিতাৰ কাৰিকৰী দক্ষতাৰ দিশটোতকৈয়ো আৱেগ-অনুভূতিৰ নিষ্ঠাৰ দিশটোৰ প্ৰতি অধিক মনোযোগ দিয়ে৷ কোনো পৰিৱেশ-পৰিস্থিতিত যি আৱেগ-অনুভূতিয়ে কবিক উদ্বেলিত কৰে, তাকহে কবিয়ে শব্দ ৰূপ দিবলৈ বিচাৰে৷ তেওঁৰ শব্দবোৰ কেতিয়াবা হৈ পৰে চিন্তাৰ আনুভূতিক বিকল্প৷ সপোন-দিঠক বা কল্পনা-বাস্তৱৰ জগত দুখনৰ মাজত কবিয়ে অনায়াসে অহা-যোৱা কৰিব পাৰে৷ কল্পনাৰ জগতখন তেওঁৰ বাবে প্ৰচ্ছন্ন, অনিৰ্ধাৰিত বা অস্পষ্ট নহয়৷ কেতিয়াবা প্ৰকৃতিৰ জগতখনেই কবিৰ বাবে এখন বিকল্প কল্পনাৰ জগত হৈ পৰে৷ কবিয়ে প্ৰকৃতিয়ে কবি-মনৰ ওপৰত পেলোৱা অভিঘাতক প্ৰকাশ কৰিবলৈ সময়ত এখন মায়াময় জগত সৃষ্টি কৰে৷ কবিগৰাকীয়ে কেতিয়াবা সমাজ-জীৱনৰ সূক্ষ্মতম চেতনা ধাৰণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সামাজিক সমস্যাৰ প্ৰতি পাঠকৰ মনোযোগ আকৰ্ষণ কৰে৷ আৱেগ-অনুভূতিৰ শাব্দিক বিকল্পৰ সন্ধানত কবিয়ে কেতিয়াবা প্ৰকৃতি-জগতৰ প্ৰপঞ্চ একোটাক মানৱীকৰণ কৰে৷ কবি ড০ আহমেদৰ কাৰণে স্মৃতি আৰু কল্পনাৰ জগত বাস্তৱ জগতখনৰ সমানেই সত্য৷ সেইবাবে এখন আনখনৰ বিকল্প হ’ব পাৰে৷ কবিগৰাকীয়ে ২০২৩ চনত প্ৰকাশিত উভতি যাবৰ মন সংকলনৰ কবিতাৰে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ স্মৃতিৰ নৈখন সংকলনৰ কবিতাৰে কবিয়ে নিজৰ স্থিতি সৃদৃঢ় কৰিছে৷”
ড੦ আনন্দ বৰমুদৈ
সমালোচক
“ড੦ ফৰিদা আহমেদৰ বহু কবিতাৰ কেন্দ্ৰীয় বিষয় হ’ল স্মৃতি৷ পৰিচয়ৰ অন্বেষণ, সময়ৰ প্ৰৱাহত জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ খতিয়ান, আৰু কেতিয়াবা এক কাব্য-কৌশল হিচাপে তেওঁৰ কবিতাত স্মৃতি পুনৰাবৃত্তি হৈ থাকে৷ তেওঁৰ কবিতা নিৰ্মাণ-কৌশলৰ দিশৰপৰা সৰল, সেয়ে পাঠকৰ সৈতে সহজতে সংযোগ স্থাপন কৰে৷ স্মৃতিৰ নৈখনৰ বহু কবিতাই পাঠকক কাব্য পাঠৰ স্বকীয় আনন্দ দিব৷”
প্ৰকল্প ৰঞ্জন ভাগৱতী
কবি, সমালোচক
সমালোচনা
“জীৱন আৰু জগতৰপৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতা আৰু পুথিগত অধ্যয়নে ফৰিদা আহমেদৰ কবিতাক বিষয়বস্তু আৰু আনুভূতিক দিশৰপৰা চহকী কৰিছে৷ তেওঁৰ শেহতীয়া কবিতাই পাঠকক নিশ্চয়কৈ আনন্দ দিব৷”
প্ৰকল্প ৰঞ্জন ভাগৱতী
অসমীয়া খবৰ, ১২ ডিচেম্বৰ, ২੦২৫
“স্মৃতিৰ নৈখনৰ কবিতাসমূহৰ মাজেদি পাঠকে অসমৰ প্ৰকৃতি, সমাজ জীৱন আৰু কবি কল্পনাই সৃষ্টি কৰা সোণোৱালী জগত এখনৰ লগত কবিৰ আন্তঃক্ৰিয়াৰ লগত পৰিচিত হ’ব পাৰে৷ কবিৰ ভাষাৰপৰা জানিব পাৰি যে তেওঁ পাঠকৰ লগত যোগাযোগ কৰাত আগ্ৰহী৷ চিন্তা আৰু অনুভূতিৰ নিষ্ঠাই কবিতাসমূহক আকৰ্ষণীয় কৰিছে৷”
ড੦ আনন্দ বৰমুদৈ
দৈনিক অগ্ৰদূত, ২৯ ডিচেম্বৰ, ২੦২৫
“ড੦ ফৰিদা আহমেদৰ কবিতাত এটি বিষাদৰ সুৰ ৰিণি ৰিণি শুনা যেন লাগে৷ বিভিন্ন বিষয়ত কবিতা ৰচনা কৰি থাকোতেও, বিভিন্ন ভাবৰ মাজতে এটা বিষাদৰ ভাবে ক্ৰিয়া কৰি থাকে৷ কবি ৱৰ্ডছৱৰ্থে বসন্তৰ মধুৰ পৰিৱেশৰ মাজত বিৰাজ কৰি থাকোতেও এটি দুখৰ ভাবে তেওঁৰ মনত দোলা দি যোৱাৰ দৰে শ্ৰীমতী আহমেদৰ মনৰ দুখৰ ভাবৰ বহিঃপ্ৰকাশ অনুভৱ হয়৷”
কুঞ্জমোহন ভূঞা
অসমীয়া খবৰ, ৫ জানুৱাৰী, ২੦২৬
